সমৰ দেৱনাথ, হোজাইঃ হোজাই জিলাৰ পূব ধনীৰাম পথাৰত সংঘটিত হৈছে এক জঘণ্য কাণ্ড। এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক বলাৎকাৰ কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ যায় একে গাঁৱৰে এজন পাষণ্ডই।
জানিব পৰা মতে, ওচৰত চলি থকা বিয়াৰ বাবে ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী ৪২ বৰ্ষীয় শাৰিৰীকভাৱে অক্ষম যুৱতীক বলাৎকাৰ কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ যায় ভক্ত দাস নামৰ পাষণ্ডজনে। পিছত যুৱতীগৰাকীক ঘৰৰ পিছফালে মাতৃ আৰু ভাতৃয়ে উদ্ধাৰ কৰি হোজাই আৰক্ষীৰ সহযোগত চিকিৎসালয়ৈ প্ৰেৰণ কৰে।
অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে 296/21নং376(2) ধাৰাত গোচৰ ৰুজু কৰিছে যদিও পৰিয়ালসহ বৰ্তমানেও পলাতক অৱস্থাত আছে ধৰ্ষণকাৰী ভক্ত দাস। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
