হোজাইত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড, ধুমুহাত চিঙি পানীত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰতে দিলে বিদ্যুৎ

77

সমৰ দেৱনাথ, হোজাইঃ হোজাই বিদ্যুৎ বিভাগৰ দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে আজি হোজাইত সংঘটিত হল এক ভয়ংকৰ ঘটনা৷ কথমপি প্ৰাণ ৰক্ষা পৰিল বহু লোকৰ৷ হোজাই চিকাৰী গেইটত সংঘটিত হৈছে এক নাভ্ৰুত নাশ্ৰুত ঘটনা। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে ওৰে নিশা পানীত পৰি থকা বৈদ্যুতিক তাঁৰৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হৈ থাকিল। উল্লেখ্য যে, ধুমুহাই চিঙিছিল বিদ্যুৎ পৰিবাহী তাৰডাল৷ এই বিষয়ে অৱগত কৰা হৈছিল বিদ্যুৎ বিভাগকো। কিন্তু ৰাইজৰ জীৱনৰ প্ৰতি তিলমানো দায়িত্ব নাই হোজাই বিদ্যুৎ বিভাগৰ৷

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সোমবাৰে আবেলি প্ৰায় ৩ বজাত অহা প্ৰচণ্ড বতাহ-বৰষুণৰ ফলত বিদ্যুতৰ তাঁৰ চিঙি গাওঁখনৰ এঘৰ মানুহৰ পুখুৰী পৰিছিল৷ ঘটনা সংক্ৰান্তত স্থানীয় বিপ্লৱ দাস নামৰ ব্যক্তিজনে হোজাই বিদ্যুৎ বিভাগক ফোনযোগে এই কথা অৱগত কৰিছিল যদিও তেওঁলোকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহন কৰাৰ পৰিবৰ্তে ফোনতে বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে।

লগতে বিদ্যুৎ বিভাগে অঞ্চলটোত বিদ্যুৎ কৰ্তন নকৰাত তেনেদৰেই ওৰে নিশা বিদ্যুৎ পৰিবাহিত হৈ ৰ’ল তাঁৰডালৰ মাজেৰে৷ যাৰ ফলত এক ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে অঞ্চলবাসী।

এতিয়া প্ৰশ্ন হয়, বিদ্যুৎ বিভাগৰ এনে কাণ্ডজ্ঞানহীনতাৰ বাবে যদি কোনো ধৰণৰ অঘটন সংঘটিত হ’লহেতেন তেন্তে ইয়াৰ বাবে জগৰীয়া কোন হ’লহেতেন? বিদ্যুৎ বিভাগৰ এনে গাফিলতিক লৈ এতিয়া ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷