হোজাইত বন বিভাগৰ ভূমিত অবৈধ খনন চলাই পথ নিৰ্মাণ ঠিকাদাৰৰ

81

সমৰ দেৱনাথ, হোজাইঃ হোজাইৰ কপিলী ভেলী ৰেঞ্জৰ অন্তৰ্গত দীঘলবালী ফৰেষ্ট কেম্পৰ সমীপত বন বিভাগৰ ভূমিত অবৈধ খনন চলাই পথ নিৰ্মাণৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, বন বিভাগে স্থাপন কৰা ৰ এফ এম চিৰ মাটিত মাটি কাটি ঠিকাদাৰে নিৰ্মাণ কৰিছে পথ।

ইফালে ঠিকাদাৰী পক্ষই সেয়া বন বিভাগৰ মাটি নহয় বুলি দাবী কৰিলেও সাংবাদিকৰ কেমেৰাত খনন স্থলীৰ সমীপত বন বিভাগৰ সীমা নিৰ্ধাৰণ কৰা পকী খুটা প্ৰত্যক্ষ হোৱাৰ পিছতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই অবৈধ খনন কাৰ্যত কপিলী ভেলী ৰেঞ্জৰ কৰ্মচাৰীও জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।