হোজাইত বন্যহস্তী আৰু মানুহৰ এক বিৰল দৃশ্যই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

135

সমৰ দেৱনাথ, হোজাই:- যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৈনিক হাতী-মানুহৰ সংঘাতৰ বাতৰি সম্প্ৰচাৰিত হৈ আহিছে তেনে সময়তে হোজাইৰ এই দৃশ্য কিন্তু সচাই বিৰল।

হোজাইৰ আৰু পশ্চিম কাৰ্বিআংলং জিলাৰ মাজৰ থেপ্লাগুৰী শিৱ মন্দিৰত প্ৰায়ে আহে বন্যহস্তী।
হোজাই কোমোৰকটা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত প্ৰায়ে আহে এই মন্দিৰটোলৈ আৰু মন্দিৰৰ সাধু জনেও এনেদৰে বন্যহস্তীক খাদ্য যোগান ধৰে। যাৰ বাবে এইদৰেই আত্মিক হৈ পৰে বনৰীয়া হাতী আৰু পুজাৰীজন।