হোজাইত জব্দ অবৈধ চোৰাংকৈ সৰবৰাহ কৰা মুল্যবান কাঠ

103

সমৰ দেৱনাথ, হোজাইঃ বিশ্ব পৰিৱেশ দিৱসৰ দিনাই হোজাই জিলাৰ লংকাত বন বিভাগৰ সফল অভিযান। আজি এক গোপন সূত্ৰৰ পম খেদি লংকা বনাঞ্চলিক বন কৰ্মীৰ এটা দলে নীলবাগানৰ ৪৫নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন মেক্সিম’ বাহনৰ পৰা প্ৰায় ৭০ হাজাৰ টকা মূল্যৰ মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয়। বন বিভাগে জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে এএছ ০২চিচি ৫৬৭১।

বন বিভাগে বাহনখনৰ চালক জনক আটক কৰি ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে।