হোজাইত চলি আছে অবৈধ ক’লা বেহাঃ অভিযোগ আগ্ৰামী মালবাহী ট্ৰাক ড্ৰাইভাৰ ইউনিয়নৰ

223

সমৰ দেৱনাথ, হোজাইঃ হোজাইৰ বিভিন্ন প্ৰান্তত অবৈধ ক’লা বেহাৰ চিণ্ডিকেটৰাজ চলিছে। এই অভিযোগ জিলাখনৰ আগ্ৰামী মালবাহী ট্ৰাক ড্ৰাইভাৰ ইউনিয়নৰ। আজি এক সংবাদ মেল সম্বোধন কৰি সন্থাটোৰ সাধাৰণ সম্পাদক নিজাম উদ্দীনে হোজাইৰ বিভিন্ন প্ৰান্তত অবৈধ ক’লা বেহা চলি থকা বুলি বিস্ফোৰক অভিযোগ কৰে।

এনে ক’লা বেহাৰ সৈতে জিলাখনৰ বহু উচ্চ পদস্থ বিষয়াও প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ কৰে সন্থাটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে। সংবাদ মেলত তেওঁ অভিযোগ উত্থাপন কৰি কয় যে একাংশ দৰিদ্ৰ লোকৰ দাৰিদ্ৰতাৰ সুযোগ লৈ চৰকাৰী উচ্চ পদস্থ বিষয়াই নিজৰ ক’লা বেহা চলাই গৈছে।

সন্থাটোৰ এনে অভিযোগ কিমান দূৰ সত্য সেয়া পৰৱৰ্তী সময়ত নিশ্চয় পোহৰলৈ আহিব। এনে চিণ্ডিকেটৰাজ বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সন্থাটোৱে।