হোজাইত গা ধুবলৈ গৈ সন্ধানহীন হোৱা আচাদুৰৰ মৃতদেহ উদ্ধাৰ

90
purbottar-asomiya-favicon

হোজাই:- হোজাইৰ যমুনা নৈত গা ধুবলৈ আহি সন্ধানহীন হোৱা এজন যুৱকৰ মৃতদেহ মঙ্গলবাৰে এনডিআৰএফৰ অভিযানত উদ্ধাৰ হোৱাৰ পিছত অঞ্চলজুৰি শোকাময় পৰিবেশে বিৰাজ কৰিছে। জানিব পৰা মতে ডবকাৰ হালধিআটিৰ আচাদুৰ ৰহমান নামৰ যুৱকজন সোমবাৰে নৈত গা ধুবলৈ আহি সন্ধানহীন হৈছিল।

কৰ্মসূত্ৰে ডিমাপুৰৰ নিবাসী যুৱকজনে কালিয়েই ডিমাপুৰৰ পৰা ডবকাৰ বুঢ়িগাৱত থকা নিজ ককায়েক চোৱাগ আলী ঘৰলৈ ফুৰিবলৈ আহিছিল ৷ ইফালে যুৱকজন সন্ধানহীন হোৱাৰ পিছত এনডিআৰএফ বাহিনীয়ে নৈৰ বুকুত অভিযান চলাই আজি যুৱকজনক মৃতদেহ উদ্ধাৰ কৰে। তাৰ পিছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰা হয়।