সমৰ দেৱনাথ, হোজাইঃ হোজাই জিলাৰ অন্তৰ্গত পদুমপুখুৰী স্বাস্থ্য কেন্দ্ৰত দেখা গৈছে এক বিৰল দৃশ্য। ঘটনা অনুসৰি স্বাস্থকেন্দ্ৰটোত থকা কোভিড প্ৰতিষেধক কেন্দ্ৰটোত প্ৰতিষেধক ল’ৱলৈ আগদিনা নিশাৰ পৰাই মানুহৰ শাৰী পাতি দেখা গৈছে।
অসম চৰকাৰে যি নতুন SOP জাৰি কৰিছে তাক লৈ কোনো সচেতনতা দেখা পোৱা নাই পদুমপুখুৰী স্বাস্থ্যকেন্দ্ৰত ৰাইজৰ মাজত। আনহাতে বহুক্ষেত্ৰত প্ৰতিষেধক লোৱাৰ প্ৰমাণ পত্ৰ জৰুৰী হোৱাৰ হেতুকে সাধাৰণ ৰাইজৰ মাজত দেখা গৈছে প্ৰতিষেধক ল’বলৈ কভিড প্ৰটকল ভংগ কৰি হেতা ওপৰা কৰা।
সেয়ে ৰাইজে স্বাস্থ্য কেন্দ্ৰটোত প্ৰতিদিনে অনন্তঃ ২০০ প্ৰতিষেধক প্ৰদান কৰিবলৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ওচৰত দাবী জনাইছে।