সমৰ দেৱনাথ, হোজাইঃ কোভিড পৰিস্থিতিৰ বাবে জাৰি হৈ থকা সান্ধ্য আইনৰ সুযোগ লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে চোৰৰ সন্ত্ৰাস। বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠানৰ তলা ভাগি চোৰে লুট পাট চলাই অহাৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থকাৰ সময়তে এইবাৰ হোজাইত এটিএম ভাগি চোৰে লৈ গ’ল টকা।
বৃহস্পতিবাৰে নিশা চোৰে হোজাই ঠাকুৰবাড়ী ৰোডস্থিত এছবিআই শাখাৰ এটিএমটো ভাগি লুটি লৈ যায়। চোৰে কিমান টকা চুৰি কৰি নিছে সেয়া এতিয়াও জানিব পৰা নাই যদিও ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ চোৰক বিচাৰি অভিযান আৰম্ভ কৰিছে।