হোজাইত উপস্থিত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

55

সমৰ দেৱনাথ, হোজাইঃ মহামাৰী কোৰোনাই দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত হোজাই জিলাৰ কোভিড পৰিস্থিতিৰ বুজ লবলৈ আজি জিলাখনত উপস্থিত হয় ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। তেওঁ ডিমাহাছাও জিলাৰ হাফলংঙৰ পৰা পোনে-পোনে আহি হোজাই জিলা সদৰ শংকৰ নগৰত উপস্থিত হয়। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ সতে এক বৈঠকত মিলিত হৈ জিলাখনৰ কোভিড পৰিস্থিতি আৰু ব্যৱস্থাপনাৰ বুজ লয়।

ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে হোজাইৰ নৱনিৰ্মিত জিলা হাস্পতালখন পৰিদৰ্শন কৰাৰ লগতে অতি শীঘ্ৰে ২০ খন ICU বিছনাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে।