হোজাইত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰপ

64

সমৰ দেৱনাথ, হোজাইঃ হোজাইৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাবে বন্যহস্তীৰ উপদ্ৰৱ হৈ পৰিছে নৃত্য নৈমিত্তিক ঘটনা। বিশেষকৈ হোজাইৰ ৰাইকাটা, কোমোৰাকটা, থেপ্লাগুৰি, নভঙা আদি অঞ্চলৰ বাবে আতংকৰ আন এটি নাম বন্যহস্তী বুলি কলেও ভুল নহব। কিয়নো এই অঞ্চলবোৰত প্ৰায়েই বন্যহস্তী তাণ্ডৱ দেখিবলৈ আৰু শুনিবলৈ পোৱা যায়।

সোমবাৰে নিশাও হোজাইৰ ৰাইকাটা কছাৰিগাঁৱৰ অনন্ত নাথ আৰু কোমোৰাকটাৰ অশোক হাছামৰ বাসগৃহত তাণ্ডৱ চলায় বন্যহস্তীৰ জাকে। নিশা প্ৰায় ১২ বজাত অশোক হাছামৰ বাসগৃহৰ পকী দেৱাল ভাঙি দিয়ে আৰু তাৰ পিছতেই অনন্ত নাথৰ পকী দেৱাল ভাঙি ধানৰ বস্তা তচনচ কৰে। বন্যহস্তীৰ আক্ৰমণৰ পৰা কথামপি প্ৰাণ ৰক্ষা পৰে অনন্ত নাথৰ বৃদ্ধ মাতৃৰ।

উল্লেখ্য যে, বিগত কিছু দিনৰ পৰা অকলশৰে ঘুৰি ফুৰা বন্যহস্তী টোৱে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি বিভিন্ন ক্ষয়ক্ষতি কৰা পৰিলক্ষিত হৈছে যদিও বন বিভাগৰ পৰা আজিলৈকে এই বন্যহস্তীক খেদিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।