হে বীৰ শ্বহীদ… তোমাক সশ্ৰদ্ধ প্ৰণাম

166

পংকজ তৰুণ

মাতৃভূমিৰ বাবে বুকুত গুলী পাতি লোৱাৰ সাহস কিমান জনৰনো থাকে। তেওঁলোক সঁচাকৈয়ে বীৰ। আপোন মানুহবোৰৰ পৰা হাজাৰ হাজাৰ মাইল নিলগত জাৰ-জহ একাকাৰ কৰি মাতৃভূমিক ৰক্ষা কৰা তেওঁলোক প্ৰকৃত যোদ্ধা। আৰু সেই যোদ্ধাই যেতিয়া শত্ৰুৰ গুলী বুকু পাতি লৈ প্ৰাণ আহুতি দিয়ে, তেতিয়া শোকত ভাগি পৰে তেওঁলোকৰ বাবে নিৰাপদে থাকিবলৈ পোৱা আমিবোৰৰ হিয়া। মৰিও তেওঁলোক অমৰ, তেওঁলোক শ্বহীদ।

অসমী আইৰ গৰ্ভত জন্মলাভ কৰি মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিয়া তেনে এগৰাকী বীৰ যোদ্ধাৰ নিথৰ দেহ আজি নিজ গৃহলৈ অনা হব। আজি যেন শোকত আস্ফালন কৰিছে বতাহে… পুত্ৰক হেৰুওৱাৰ ব্যাথাত আজি যেন উদাস হৈ পৰিছে অসমী আই…!

ছত্তীশগড়ৰ চুকমা-বিজাপুৰৰ সীমান্তত মাওবাদীৰে সংঘৰ্ষত শ্বহীদ হৈছিল ২৩ গৰাকীকৈ ভাৰতীয় জোৱানৰ। তাৰে দুগৰাকী অসমী আইৰ সন্তান। দুধনৈৰ বাবলু ৰাভা আৰু বৰপেটাৰ ভেৰাগাঁৱৰ দিলীপ কুমাৰ ডেকা। কালি দুধনৈত সকলোকে কন্দুৱাই শ্বহীদ বাবলু ৰাভাৰ চিতা জ্বলিল। আজি, চাৰি কান্ধত উঠি স্বগৃহলৈ আহিছে দিলীপ কুমাৰ ডেকা…! দুয়োগৰাকীয়েই আছিল চিআৰপিএফৰ কোব্ৰা বাহিনীৰ জোৱান।

সৰুতেই দেশ সেৱাৰ সপোন দেখিছিল দিলীপ ডেকাই। অৱশেষত সেই সুযোগ লাভ কৰিছিল ২০০১ চনত। চিআৰপিএফত ভৰ্তি হৈয়েই নিজৰ দক্ষতাৰ বলত ইন্সপেক্টৰ পদলৈ উন্নীত হৈছিল তেওঁ। যোৱা শুকুৰবাৰে শেষবাৰৰ বাবে তেওঁ পত্নীৰ সৈতে ফোনত কথা পাতিছিল। কৈছিল এটা মিছনলৈ যোৱাৰ কথা। লগতে দুদিনমান কথা পাতিব নোৱাৰিব বুলিও জনাইছিল পত্নীক। কিন্তু… সেইদিনাই লাভ কৰিছিল অপ্ৰত্যাশিত দুঃসংবাদটো… শত্ৰুৰ গুলীত শ্বহীদ হল ঘৰৰ ভৰষা মানুহজন…!

কান্দি কান্দি থৰ লাগিছে শ্বহীদ দিলীপ ডেকাৰ দুই কন্যা। পত্নীয়ে হিয়া ধুনিছে… আশা কৰিছে… জানোছা এই খবৰবোৰ মিছা হয়….! ফেব্ৰুৱাৰীত ৬ দিনৰ বাবে তেওঁ ঘৰলৈ আহিছিল। সেয়াই যে শেষ দেখা…!

কালি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হোৱা শ্বহীদ বাবলু ৰাভাৰো ঘৰখনত এতিয়া দুখৰ ছায়া। ৩১ মাৰ্চত পত্নীৰ সৈতে কথা পাতিছিল বাবলু ৰাভাই। কৈছিল- ৫ তাৰিখে মই ঘৰলৈ উভতিম, ৬ তাৰিখে ভোটদান কৰিম। কিন্তু… তেওঁৰ বাবে বাট চাই ৰোৱা পত্নী-কন্যাই যে শেষত মাত এষাৰো নাপাব, সেয়া কোনে বাৰু জানিছিল!

অসমী আইৰ বুকু শুদা কৰা এই দুই শ্বহীদৰ শোকত এতিয়া ম্ৰিয়মান সমগ্ৰ ৰাজ্য। নিৰ্বাচনৰ গৰম বতাহৰ মাজতো যেন আজি মানুহৰ বুকুবোৰ শীতল, অশান্ত!

দেশৰ হকে প্ৰাণ দিয়া হে বীৰ শ্বহীদ, আপোনালোকক হেৰুওৱাৰ দুখত আজি আমি পূৰ্বোত্তৰ অসমীয়াৰ পৰিয়ালো ম্ৰিয়মান!