ষ্টাফৰিপোৰ্টাৰ, ২১ এপ্ৰিল : কাহিলিপাৰাৰ ওডালবাক্ৰাস্থিত হেল্প এণ্ড হেল্পলেছ অনাথ আশ্ৰমত মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কৰ’না নিয়ন্ত্রণ কক্ষৰ উদ্যোগত কমিটিৰ সভাপতি ৰিপুন বৰা ৰ নিৰ্দেশ মৰ্মে বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কৰ’না নিয়ন্ত্রণ কক্ষৰ কাৰ্যবাহী পুলকেশ ৰায়মেধিয়ে এই খাদ্য সামগ্ৰী সমূহ হেল্প এণ্ড হেল্পলেছ অনাথ আশ্ৰমৰ ৬০ টা শিশুৰ মাজত বিতৰণ কৰে। এই কাৰ্যসূচীত হেল্প এণ্ড হেল্পলেছ অনাথ আশ্ৰমৰ স্বত্বাধিকাৰী গোপাল দাস, ভিকি দাস আৰু আমাৰ অসমৰ জ্যেষ্ঠ সাংবাদিক আলিয়াছ আহমেদ উপস্থিত থাকে। উল্লেখ ২০১৫ চনত স্থাপন হোৱা এই অনাথ আশ্ৰমত সংগীত, নাটক আদিৰ শিক্ষা দিয়া হয়।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কৰ’না নিয়ন্ত্রণ কক্ষৰ এই প্ৰচেষ্টাক
হেল্প এণ্ড হেল্পলেছ অনাথ আশ্ৰম কৰ্তৃপক্ষই শলাগে।