ডিজিটেল ডেস্কঃ অৱশেষত মৃত্যুৰ ওচৰত পৰাজয় স্বীকাৰ কৰিবলগা হল গ্ৰুপ কেপ্টেইন বৰুণ সিঙেও। তামিলনাডুৰ কুনুৰত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত একমাত্ৰ জীৱিত অৱস্থাত উদ্ধাৰ হোৱা গ্ৰুপ কেপ্টেইন বৰুণ সিঙে শেষ নিশ্বাস ত্যাগ কৰিলে হাস্পতালৰ বিচনাত। দেহৰ ৯০ শতাংশ জ্বলি যোৱা সেনা বিষয়া গৰাকীক সুস্থ কৰি তুলিবলৈ অশেষ প্ৰচেষ্টা চলাইছিল চিকিৎসকৰ দলে। কিন্তু তাৰ পিছতো মৃত্যুক আঁকোৱালি লয় বৰুণ সিঙে।
উল্লেখ্য যে, বুধবাৰে আবেলি তামিলনাডুৰ কুনুৰলৈ যাওঁতে সেনাৰ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্থ হৈছিল। নীলগিৰি পাহাৰৰ এখন চাহ বাগিচাত এমএই ছিৰিজৰ হেলিকপ্টাৰখন ভূপতিত হৈছিল। যাৰ ফলত চিডিএছ জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নীকে ধৰি মুঠ ১৩ জন লোকৰ মৃত্যু হৈছিল। সেই দুৰ্ঘটনাৰ পৰা উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল কেৱল গ্ৰুপ কেপ্টেইন বৰুণ সিঙক।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট যোগে গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যুৰ খবৰত শোক প্ৰকাশ কৰিছে। পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰি তেওঁ লিখিছে, “গ্ৰুপ কেপ্টেইন বৰুণ সিং আমাৰ দেশৰ গৌৰৱ। সমগ্ৰ দেশে তেওঁৰ সেৱা আৰু ত্যাগ মনত ৰাখিব। অধিনায়কৰ মৃত্যুৰ খবৰত মই অত্যন্ত দুখিত। তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি। ‘
মমতা বেনাৰ্জীয়েহে হেলিকপ্টাৰ দুৰ্ঘটনাত একমাত্ৰ জীৱিত সদস্যজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ টুইট কৰে, “গ্ৰুপৰ অধিনায়ক বৰুণ সিঙৰ মৃত্যুত হতবাক হৈছোঁ। তেওঁৰ অমূল্য অৱদান সমগ্ৰ দেশে সদায় স্মৰণ কৰিব। মোৰ সমবেদনা তেওঁৰ পৰিয়ালৰ সৈতে আছে। ‘
