হেলমেট পৰিধান নকৰাৰ বাবেই যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ আৰক্ষীৰ, হাস্পতালত ভৰ্তি

90

আইন অমান্যকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষমতা আৰক্ষী-প্ৰশাসনৰ আছে। প্ৰয়োজন সাপেক্ষে কিছু শাস্তিও বিহিব পাৰে। কিন্তু ক্ষমতাৰ অপব্যৱহাৰ কৰি যেতিয়া আৰক্ষীয়ে সাধাৰণ নাগৰিকক প্ৰাণে মৰাৰ উপক্ৰম ঘটায়, তেতিয়াহে তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

নগাঁৱত হেলমেট পৰিধান নকৰাৰ অভিযোগতে এজন যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ ঘটনাই এতিয়া জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত যুৱকজন বৰ্তমান ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

অভিযোগ অনুসৰি, ধিং আহোমগাঁৱৰ আখতাৰ হুছেইন নামৰ যুৱকজনে কৰ্মসূত্ৰে ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু বাটত আৰক্ষীয়ে তেওঁৰ বাহন ৰখাই হেলমেট পৰিধান নকৰাৰ অভিযোগত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। আৰক্ষীৰ প্ৰহাৰত এখন হাত ভাগে যুৱকজনৰ। আনহাতে আৰক্ষীয়ে তেওঁক ১০০০ টকাৰ জৰিমণা বিহি ৫০০ টকাৰ ৰছিদ প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰূপহীহাটত পাৰ্থপ্ৰতিম বৰা নামৰ এজন যুৱ শিল্পীক হেলমেট পৰিধান নকৰাৰ অভিযোগত আৰক্ষীয়ে বেয়াকৈ প্ৰহাৰ কৰিছিল।