হেপী বাৰ্থ ডে’ ড০ সিংঃ ‘ভাৰতে আজি এজন যোগ্য প্ৰধানমন্ত্ৰীৰ অনুপস্থিতি অনুভৱ কৰে’

96

ডিজিটেল ডেস্কঃ ‘ভাৰতে আজি এজন যোগ্য প্ৰধানমন্ত্ৰীৰ অনুপস্থিতি অনুভৱ কৰিছে।’ – দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ ৮৮ সংখ্যক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে।

উল্লেখ্য যে, দেশৰ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী সকলৰ মাজত ড০ মনমোহন সিঙো এগৰাকী। তেওঁৰ সততা, শালীনতা আৰু দেশৰ বাবে কৰা তেওঁৰ উৎসৰ্গা দেশবাসীৰ বাবে অনুপ্ৰেৰণা বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতাগৰাকীয়ে পুৱাই প্ৰাক্তন প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভকামনা জ্ঞাপন কৰি টুইটাৰত লিখিছে, ‘ভাৰতবৰ্ষই ড০ মনমোহন সিঙৰ দৰে ‘গভীৰ’ জ্ঞানৰ এজন প্ৰধানমন্ত্ৰীৰ অনুপস্থিতি অনুভৱ কৰে। তেওঁৰ সততা, শালীনতা আৰু দেশৰ বাবে কৰা উৎসৰ্গা আমাৰ সকলোৰে বাবে
অনুপ্ৰেৰণাৰ বিষয়। তেওঁক জন্মদিনৰ শুভকামনা জনাইছো আৰু তেওঁৰ বৰ্ষটো সুখেৰে পাৰ হওক, তাৰ কামনা কৰিছো।’

উল্লেখ্য যে, ১৯৩২ চনৰ ২৬ ছেপ্তেম্বৰত বৰ্তমান পাকিস্তানৰ গাগত জন্মগ্ৰহণ কৰিছিল ড০ সিঙে। এগৰাকী অৰ্থনীতিবিদ হিচাপে বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱাৰ অন্তত তেওঁৰ ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।