হিমাচল প্ৰদেশৰ সোলানত মাজ আকাশত ৰ’পৱেত ঘটিল যান্ত্ৰিক বিজুতি।
মধ্য আকাশতে আৱদ্ধ হৈ পৰিল ৭ গৰাকীকৈ পৰ্যটক।
আৱদ্ধ সকলৰ অধিকাংশই হৈছে মহিলা।
প্ৰায় দুঘণ্টা ধৰি ৰ’পৱে’ ট্ৰলীত আৱদ্ধ হৈ থাকিল পৰ্যটক কেইগৰাকী।
ইতিমধ্যে তেওঁলোকৰ উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হৈছে হেলিকপ্টাৰ।
৪ গৰাকী পৰ্যটকক হেলিকপ্টাৰযোগে বৰ্তমানলৈকে কৰা হৈছে উদ্ধাৰ।
সোলানৰ পৰৱানত টিম্বাৰ ট্ৰেইল ৰ’পৱে’ত আৱদ্ধ হৈ আছে পৰ্যটক কেইজন।
