হিন্দু ধৰ্মীয় ৰীতি – নীতি মতে হিন্দু যুৱকৰ শেষকৃত্য সম্পন্ন কৰিলে মুছলমান লোকে।

96

হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান।

ধৰ্মৰ ঊৰ্ধত মানৱতা।

মৈৰাবাৰীত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে মৈৰাবাৰীবাসীয়ে।

হিন্দু ধৰ্মীয় ৰীতি – নীতি মতে হিন্দু যুৱকৰ সত্কাৰ কৰিলে মুছলমান লোকে।

যি সময়ত একাংশই অসমত ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতি কৰি সাম্প্ৰদায়িক ঐক্য আৰু সম্প্ৰীতি বিনষ্ট কৰিবলৈ উঠি-পৰি লাগিছে, ঠিক সেই সময়তে মৈৰাবাৰীত দেখা গ’ল তাৰ সম্পূৰ্ণ বিপৰীত ছবি ।মৰিগাঁও জিলাৰ মৈৰাবাৰীত এজন হিন্দু যুৱ ব্যৱসায়ীক দীপক ৰজকৰ দেহাৱসান ঘটে| যুৱ ব্যৱসায়ীক জনৰ মৃত্যুত মৈৰাবাৰীবাসীৰ লগতে বৃহত্তৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে ।
ইপিনে যুৱ ব্যৱসায়ীক জনৰ মৃত্যুৰ খবৰ পাই যুৱক জনৰ বাসগৃহত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে স্থানীয় মুছলমান লোকে | কাৰ্যতঃ হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰি সকলোৱে মিলি পৱিত্ৰ হিন্দু ধৰ্মীয় ৰীতি নীতি অনুসৰি স্থানীয় শ্মশানখনত যুৱ ব্যৱসায়ী জনৰ শেষকৃত্য সমাপন কৰে|
উল্লেখযোগ্য যে মৈৰাবাৰীত পূৰ্বতেও হিন্দু হওঁক বা মুছলমানেই হওঁক সকলোৱে মিলি শেষকৃত্য সম্পন্ন কৰে তাত নাথাকে কোনো ভেদাভেদ।
এয়াই মানৱতা।
হিন্দু যুৱক জনৰ শেষকৃত্যৰ বাবে যাৱতীয় কাম কাজ সকলো মুছলমান লোক সকলে সম্পন্ন কৰে কাৰণ মানুহৰ অন্তিম ঠিকনা মৃত্যু। মানুহ যে মৰণশীল এই কথা আগত ৰাখি হিন্দু মুছলমান উভয়ে মিলি দীপকৰ অন্তেষ্টিক্ৰিয়াত সহযোগ কৰে।