হিংসাত্মক পৰিস্থিতিৰ আশংকাতে নিশাই দাহ কৰা হৈছিল হাথৰসৰ নিৰ্যাতিতাৰ মৃতদেহঃ আদালতত যুক্তি যোগী চৰকাৰৰ

50

ডিজিটেল ডেস্কঃ ২৯ ছেপ্তেম্বৰত মৃত্যু ঘটা উত্তৰ প্ৰদেশৰ হাথৰসত গণধৰ্ষণৰ বলি যুৱতীগৰাকীৰ মৃতদেহ নিশাই দাহ কৰিছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে। এই ঘটনাক লৈ সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে উচ্চতম ন্যায়ালয়ত নিশাই মৃতদেহ দাহ কৰাৰ যুক্তি দৰ্শালে যোগী প্ৰশাসনে। উত্তৰ প্ৰদেশ চৰকাৰৰ তৰফৰ পৰা ন্যায়ালয়ত কোৱা হয় যে, পিছদিনা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাতে নিশাই সৎকাৰ কৰা হৈছিল নিৰ্যাতিতা যুৱতীগৰাকীৰ মৃতদেহ।

আনহাতে বাবৰি মছজিদ ধ্বংস কাণ্ডৰ ৰায়দানকো এই ঘটনাৰ মাজলৈ টানি আনি যোগী চৰকাৰে কয় যে পিছদিনা বাবৰি মছজিদ ৰায়দান থকাৰ বাবেই জিলাজুৰি হাই এলাৰ্ট জাৰি কৰা হৈছিল। চোৰাংচোৱা সূত্ৰই ৰাজ্যত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰাৰ বাবেই নিশা নিৰ্যাতিতাৰ মৃতদেহ সৎকাৰ কৰা বুলি আদালতত যুক্তি দৰ্শায় উত্তৰ প্ৰদেশ চৰকাৰে।

যোগী প্ৰশাসনে কয়, ‘২৯ ছেপ্তেম্বৰৰ পুৱাৰ পৰাই হাথৰস জিলা প্ৰশাসনৰ চোৰাংচোৱা খবৰ লাভ কৰিছিল। কোৱা হৈছিল যে সফদৰজং হাস্পতালৰ বাহিৰত ধৰ্ণা চলিছে। সমগ্ৰ বিষয়টোক জাত-পাত আৰু ধৰ্মৰ আকাৰ দিয়া হ’ব পাৰে।’ তেনে পৰিস্থিতিৰ সম্ভাৱনাৰ কাৰণেই নিৰ্যাতিতাৰ মৃতদেহ সম্পূৰ্ণ ৰীতি নীতি পালন কৰি সৎকাৰ কৰা বুলি দাবী কৰে প্ৰশাসনে।

উল্লেখ্য যে, ১৪ ছেপ্তেম্বৰত গণ ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাৰীৰ চিকিৎসাধীন অৱস্থাত ২৯ ছেপ্তেম্বৰত মৃত্যু ঘটিছিল। যুৱতীগৰাকীৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে মৃতদেহ লৈ গৈ সামাজিক ৰীতি নীতিৰে সৎকাৰ কৰাৰ আগ্ৰহ কৰিছিল যদিও উত্তৰ প্ৰদেশ আৰক্ষীয়ে বলপূৰ্বকভাৱে যুৱতীগৰাকীৰ মৃতদেহ নিশা প্ৰায় ২.৩০ বজাত দাহ কৰে। ইফালে অভিযোগ অনুসৰি, সেই সময়ত নিৰ্যাতিতাৰ পৰিয়ালক তলাবন্ধ কোঠাত আৱদ্ধ কৰি থৈছিল যোগী প্ৰশাসনে। আনহাতে যুৱতীগৰাকীৰ বলাৎকাৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিবলৈ যাওতেও পৰিয়ালক লোকক আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছিল।