হিংসাজৰ্জৰ মণিপুৰৰ বিজেপিত মোক্ষম আঘাত! চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ মিত্ৰদল কুকি পিপলছ এলায়েন্সৰ

371

হিংসাজৰ্জৰ মণিপুৰত বিজেপিৰ বাবে মোক্ষম আঘাত। এন ডি এৰ মিত্ৰ কুকি পিপলছ এলায়েন্সে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে। দলৰ সভাপতি টংমাং হাওকিপে ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰি সমৰ্থন প্ৰত্যাহাৰ কৰিছে। আনহাতে, দেওবাৰে অগ্নিময় মণিপুৰলৈ আৰু ৯০০ নিৰাপত্তা বাহিনী প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

প্ৰায় তিনিমাহ ধৰি জাতিগত সংঘাতৰ জুইত জ্বলি আছে সমগ্ৰ মণিপুৰ। প্ৰতিদিনে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। ৰাজ্যখনৰ দুটা জনগোষ্ঠী – কুকি আৰু মেইটেই – ইজনে সিজনক আক্ৰমণ কৰিছে। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ ভূমিকাক লৈ কেইবাবাৰো প্ৰশ্ন উত্থাপন হৈছে। হেঁচাত পৰি পদত্যাগ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতো তেওঁ একেবাৰে শেষ মুহূৰ্তত প্ৰত্যাহাৰ কৰে। এইবাৰ বিজেপিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ চৰকাৰৰ ভিতৰতে বিপুল চাপৰ সন্মুখীন হ’ল।

জানিব পৰা মতে, দেওবাৰে কুকি পিপলছ এলায়েন্সৰ সভাপতি হাউকিপে মণিপুৰৰ ৰাজ্যপাল আনছুয়া ৱাইকলৈ এখন পত্ৰ প্ৰেৰণ কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ দলে বীৰেন সিঙৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে। চিঠিখনত লিখা আছে, “বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে মই অতি গভীৰভাৱে চোৱা-চিতা কৰিছো। আমাৰ মতে এন বীৰেণ সিঙৰ চৰকাৰক সমৰ্থন কৰিলে আৰু কোনো ফল নাপাব। সেয়েহে চৰকাৰৰ প্ৰতি আমাৰ সমৰ্থন প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছো।” প্ৰসংগক্ৰমে মণিপুৰ চৰকাৰত এই দলৰ দুজন বিধায়ক আছে।

মণিপুৰত কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তা বৃদ্ধি কৰিলে এন ডি এৰ মিত্ৰশক্তিৰ ওপৰত গুলীচালনা হোৱাৰ পিছতহে। জানিব পৰা মতে, অৰ্ধসামৰিক বাহিনীৰ আৰু ১০টা কোম্পানীক চেৰাজলৈ প্ৰেৰণ কৰা হৈছে। ৩ মে’ত সংঘৰ্ষৰ সূচনা হোৱাৰ পাছৰে পৰা প্ৰায় ৪০ হাজাৰ অৰ্ধসামৰিক বাহিনী মণিপুৰলৈ প্ৰেৰণ কৰা হৈছে। কিন্তু এবাৰতকৈ অধিক তেওঁলোকৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন হৈছে। এনে পৰিস্থিতিত মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে অৰ্ধসামৰিক বাহিনীক আস্থা ৰাখিছে প্ৰশাসনে।