হাৰিয়ানা সীমান্তত কংগ্ৰেছক বাধা, ধৰ্ণাত বহিল ৰাহুল গান্ধী…

63

ডিজিটেল ডেস্কঃ পঞ্জাৱত তিনিদিনীয়া ‘খেতি বচাও যাত্ৰা’ৰ অন্ত পেলাই মঙলবাৰে হাৰিয়ানা অভিমুখে যাত্ৰা আৰম্ভ কৰে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধী আৰু সহস্ৰাধিক কংগ্ৰেছ নেতা-কৰ্মী। কিন্তু হাৰিয়ানাত প্ৰৱেশৰ পূৰ্বেই সীমান্তত কংগ্ৰেছ কৰ্মীসকলক বাধা প্ৰদান কৰে হাৰিয়ানা আৰক্ষীয়ে। যাৰ পিছত সেই স্থানতে অন্য কংগ্ৰেছ কৰ্মীসকলৰ সৈতে ধৰ্ণাত বহে ৰাহুল গান্ধী। কেইবাহাজাৰ নেতা-কৰ্মীয়ে সীমান্তত হাৰিয়ানাত প্ৰৱেশৰ দাবী উত্থাপন কৰি শ্ল’গান দিয়া দেখা যায়।

ধৰ্ণাৰ স্থানৰ পৰাই ৰাহুল গান্ধীয়ে টুইটযোগে লিখিছে, ‘হাৰিয়ানা সীমান্তত আৰক্ষীয়ে অৱৰোধ কৰি ৰাখিছে। যেতিয়ালৈকে এয়া নোখোলে, তেতিয়ালৈকে ইয়াতে বহি থাকিম। ২ ঘণ্টা বা ৬ ঘণ্টা, ২৪ ঘণ্টা অথবা ১০০, ১০০০-৫০০০ ঘণ্টা লাগক, ইয়াৰ পৰা লৰচৰ নহও। যেতিয়া খুলিব, অতি বিনম্ৰতাৰে ইয়াৰ পৰা গুচি যাম। তেতিয়ালৈকে মই ইয়াতে বহি আছো।’