হাৰিব ৰাজ্যৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ !

65

কংগ্ৰেছ-এআইইউডিএফ ৰ মিত্ৰতা চূড়ান্ত হ’লে হাৰিব ৰাজ্যৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈও ৷ এই মন্তব্য বিজেপিৰ একমাত্ৰ সংখ্যালঘু বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰৰ৷ সোণাই সমষ্টিত অনুষ্ঠিত এটা অনুষ্ঠানৰ শেষত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত উপাধ্যক্ষগৰাকীয়ে কয় যে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই লাভান্বিত কৰিব বিজেপিক৷ উজনিত কংগ্ৰেছ নিঃশেষ  হৈ যাব, আনকি কংগ্ৰেছৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰো পৰাজয় নিশ্চিত৷ মিত্ৰতাত আসন কমিব কংগ্ৰেছৰ। এআইইউডিএফৰ আসন কিছু বাঢ়িব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।