হায়দৰাবাদত দূষিত পানী পান কৰি কমেও ২ জনৰ মৃত্যু, অসুস্থ ৬ জন…

207

হায়দৰাবাদৰ মাইলাৰদেৱপল্লীত দূষিত পানী খাই কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ছয়জনৰো অধিক লোক চিকিৎসালয়ত ভৰ্তি হয়।

আহত সকলৰ ভিতৰত এটি ছমহীয়া শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

সঘনাই পানীৰ বিষক্ৰিয়াৰ তদন্তত চৰকাৰ ব্যৰ্থ হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।

আৰক্ষীয়ে কয় যে, “আমি কোনো অভিযোগ পোৱা নাই। যদি আমি অভিযোগ পাওঁ তেন্তে আমি মৰণোত্তৰ পৰীক্ষা কৰিম।”