হাস্পতালৰ পৰা ৰিলিজ হোৱাৰ পিছতে জে’ললৈ প্ৰেৰণ কুখ্যাত চুৰাপি মাফিয়া আব্দুল হান্নানক

106

গুৱাহাটীঃ জে’ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে কুখ্যাত চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে আব্দুল হান্নাক ৰিলিজ প্ৰদান কৰাৰ পিছতে কুখ্যাত চুপাৰি মাফিয়াজনক বঙাইগাঁও আদালতত হাজিৰ কৰায় আৰক্ষীয়ে। তাৰ পিছতে আদালতে আব্দুল হান্নানক জে’ললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, যোৰহাটৰ পৰা বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুপাৰি মাফিয়া আব্দুল হান্নানক। তাৰ পিছতে অভিযুক্তজনক আৰক্ষীয়ে বঙাইগাঁৱৰ এটা অবৈধ চুপাৰি জব্দ কৰা গুদামলৈ লৈ যায় তদন্তৰ বাবে। কিন্তু তাৰ পৰা উভতাৰ পথত আৰক্ষীৰ অস্ত্ৰ কাঢ়ি চুপাৰি মাফিয়াজনে পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীবৰ্ষণ কৰিবলগা হয়। যাৰ ফলত ভৰিত আঘাত পায় আব্দুলে। পিছত চুপাৰি মাফিয়াজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ অনা হয়।