হাস্পতালৰ পৰা পলায়নৰ চেষ্টা কৰা দুৰ্ধৰ্ষ ডকাইতক কৰায়ত্ব কৰা দুই সুৰক্ষা কৰ্মীক পুৰস্কৃত কৰিলে অসম আৰক্ষীয়ে

74

অসম আৰক্ষীৰ দ্বাৰা দুই সুৰক্ষাকৰ্মীলৈ পুৰস্কাৰ।অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা পলায়ন কৰা দুৰ্ধষ ডকাইত তথা চোৰ অৰুণ কুৰ্মী ওৰফে পিটকুক আত্মগোপন কৰি থকা অৱস্থাত আটক কৰি আৰক্ষীক গটাই দিয়া দুই সুৰক্ষা কৰ্মীলৈ অসম আৰক্ষীয়ে পুৰস্কাৰ হিচাপে নগদ পঞ্চাশ হেজাৰ টকা আৰু মানপত্ৰ আগবঢ়ায়।

সুনীল বাল্মীকি আৰু দিগন্ত দাস নামৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ দুই সুৰক্ষা কৰ্মীলৈ অসম আৰক্ষীৰ হৈ ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই নগদ পঞ্চাশ হাজাৰ টকা,মানপত্ৰ আৰু ফুলাম গামোচা প্ৰদান কৰে।

যোৱা ২২ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাৰ মৰাণৰ অতি ভিতৰুৱা অঞ্চল কাছমাৰীত আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰিবলৈ চেষ্টা কৰা সময়ত দুৰ্ধষ গাড়ী চুৰ তথা বহু ডকাইতি কাণ্ডত জড়িত অৰুণ কুৰ্মী ওৰফে পিটকুক ভৰিত গুলীয়াই আহত কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে।

বাওঁভৰিত গুলীবিদ্ধ হৈ অসম চিকিৎসা মহাবিদ্যালয়ত উক্তদিনাৰ পৰাই চিকিৎসাধীন হৈ থকা অৰুণ কুৰ্মীৰ পহৰাৰ দায়িত্বত থকা আৰক্ষীৰ চকুত ধুলি দি কেইবাবাৰো পলায়নৰ চেষ্টা কৰিছিল যদিও পলাবলৈ সক্ষম হোৱা নাছিল। কিন্তু দেওবাৰে চাৰ্জাৰী বিভাগৰ ICUৰ স্নানাগাৰৰ খিড়িকীৰ পৰা কাপোৰ জোৰা দি দুইমহল ওপৰৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে পিটকুৱে। দুৰ্ধষ ডকাইতটোক বিচাৰি হাবাথুৰি খোৱা ডিব্ৰুগড় আৰক্ষীয়ে পুনৰ আটক কৰাত বিফল হয়। অৱশেষত অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ পৰা পলায়নৰ বাবে এটা নলাত সোমাই থকা অৱস্থাত সুনীল বাল্মীকি আৰু দিগন্ত দাস নামৰ দুজন সুৰক্ষা কৰ্মীয়ে অৰুণক আটক কৰি আৰক্ষীক গটাই দিয়ে।

উল্লেখযোগ্য যে, দুৰ্ধষ অৰুণ কুৰ্মীৰ পৰা এটা পিষ্টল, এটা ৰিভলভাৰ আৰু সক্ৰিয় গুলীও জব্দ কৰিছিল। দুৰ্ধষ অৰুণ ওৰফে পিটকুক কৰায়ত্ত কৰি দিয়া দুই সুৰক্ষা কৰ্মীৰ প্ৰশংসা কৰি অনাগত দিনত অধিক উৎসাৰে কাম কৰিবলৈ অসম আৰক্ষীৰ হৈ ডিব্ৰুগড় আৰক্ষী অধীকক্ষক শ্বেতাংগ মিশ্ৰই নগদ ধন সহ প্ৰশংসা পত্ৰ প্ৰদান কৰে ।