হাস্পতালৰ পৰা ঘৰলৈ উভতিল অসমীয়াৰ নয়নৰ মণি জুবিন গাৰ্গ।
তিনিদিন মহানগৰীৰ আয়ুৰসূন্দ্ৰা হাস্পতালত চিকিৎসাধীন হৈ থাকি আজি ঘৰলৈ উভতে জুবিন গাৰ্গে।
উল্লেখ্য যে, ১৯ জুলাইত ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি হৈছিল জুবিন গাৰ্গ।
তাৰ পিছতে তেওঁক এয়াৰ এম্বুলেন্সযোগে অনা হৈছিল গুৱাহাটীলৈ।
আয়ুৰসূন্দ্ৰা হাস্পতালত চিকিৎসকৰ নিৰীক্ষণত থাকি সুস্থ হৈ উঠিছে কণ্ঠশিল্পীগৰাকী।