ষ্টাফ ৰিপোৰ্টাৰ : ক’ভিড-১৯ প্ৰতিৰোধৰ উদ্দেশ্যে ৩ মে’লৈ বৃদ্ধি কৰা হৈছে লকডাউন। এই ৰোগ প্ৰতিৰোধ কৰাৰ প্ৰধান উপায় হ’ল সামাজিক দূৰত্ব বজায় ৰখা, মাস্ক পৰিধান কৰা, ছিনেটাইজাৰ বা চাবোনেৰে হাত-মুখ ধুই ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰা। মন কৰিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দ্বিতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰাৰ সময়তে অন্যান্য সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে। প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ লগত সংগতি ৰাখি হায়াত হাস্পতালে বুধবাৰে গুৱাহাটীৰ কেইবাখন থানাত মাস্ক বিতৰণ কৰে। এই প্ৰসংগত হায়াত হাস্পতালৰ মহাপ্ৰন্ধক পৰাগজ্যোতি দত্তই কয় “নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি আৰক্ষীৰ জোৱানৰ পৰা শীৰ্ষ বিষয়ালৈ প্ৰত্যেকেই দিনে-নিশাই কৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে আন্তৰিকতাৰে দায়িত্ব পালন কৰি আহিছে। সৰ্বসাধাৰণক সজাগ-সচেতন কৰিবলৈ প্ৰতিকুল পৰিস্থিতিতো বাটে-পথে টহল দি ফুৰা আৰক্ষী বাহিনীৰ নিৰাপদ স্বাস্থ্যৰ উদ্দেশ্য হায়াত হাস্পতালে মাস্ক বিতৰণৰ কাৰ্যসূচী ৰূপায়ন কৰে। মহাপ্ৰন্ধক দত্তই প্ৰকাশ কৰা অনুসৰি আজি প্ৰাথমিকভাৱে দিছপুৰ, হাতীগাওঁ, ফটাশিল-আমবাৰী আৰু ওডালবাক্ৰা আৰক্ষী চকীত মাস্ক বিতৰণ কৰা হয়। প্ৰতিখন থানা আৰু থানাৰ যান-বাহন শাখাক মুঠ ২০০ খনকৈ মাস্ক দিয়া হয়। থানাৰ উপৰি বাটে-পথে কৰ্তব্যৰত আৰক্ষীৰ মাজতো মাস্ক বিতৰণ কৰা কাৰ্যসূচীত দত্তৰ লগতে হায়াত হাস্পতালৰ অধীক্ষক ডাঃ নাছিমুৰ ৰিয়াজ আৰু উপ অধীক্ষক ডাঃ বিষ্ণু দাসে অংশগ্ৰহণ কৰে।
Latest article
এইচএমডি-এ মুকলি কৰিলে সংগীতকেন্দ্ৰিক স্মাৰ্টফোন, ৰাজস্থান ৰয়েলছৰ সৈতে বৃদ্ধি কৰিলে অংশীদাৰিত্ব
হিউমেন মোবাইল ডিভাইচ(এইচএমডি)-এ বৰ্ধিত অডিঅ’ ক্ষমতা আৰু সমৰ্পিত মিউজিক কণ্ট্ৰ’ল(সংগীত নিয়ন্ত্ৰণ)ৰ সুবিধা সন্নিৱিষ্ট কৰি সংগীত অনুৰাগীসকলৰ বাবে দুটা নতুন ফিচাৰ ফোন-এইচএমডি ১৩০ মিউজিক আৰু...
জিচিপিএলে যুগান্তকাৰী উদ্ভাৱনৰ জৰিয়তে শক্তিশালী কৰিছে নিজৰ নেতৃত্ব
ভাৰতৰ উদীয়মান বজাৰ আৰু ঘৰুৱা কীটনাশক (এইচ আই) শিতানৰ আগশাৰীৰ প্ৰতিষ্ঠান গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ যুগান্তকাৰী উদ্ভাৱন আৰু শিতান সম্প্ৰসাৰণৰ জৰিয়তে নিজৰ নেতৃত্ব শক্তিশালী...
জেতুকা পাতৰ গুণা-গুণ জানেনে
জেতুকা পাতৰ গুণা-গুণ জানেনে ? ছাল আৰু চুলিৰ বাবে ই কিমান উপকাৰী ?বিহুলৈ মাজত মাথো আৰু কেইটামান দিনহে বাকী ৷ সকলোতে এতিয়া মাথো চলিছে...