হাস্পতালতে গ্ৰেপ্তাৰ অক্ষয় চান্দ বৈদক, আজিয়েই হাজিৰ কৰিব আদালতত

48

গুৱাহাটীঃ অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষা অনুষ্ঠিত কৰা অক্ষয় টেলি কমিউনিকেশ্যনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদক অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ গ্ৰেপ্তাৰ। মহানগৰীৰ এপ’ল হাস্পতালত চিকিৎসাধীন হৈ থকা অক্ষয় চান্দ বৈদক চিকিৎসাধীন অৱস্থাৰ পৰাই চিআইডিয়ে গ্ৰেপ্তাৰ কৰে। আজিয়েই চিআইডিয়ে কামৰূপ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত হাজিৰ কৰাব আৰু কমেও ৫ দিনৰ বাবে চিআইডিয়ে জিম্মাত বিচৰাৰ সম্ভাৱনা আছে অক্ষয় চান্দ বৈদক।

এই কেলেংকাৰীত নাম সাঙোৰ খাই পৰাৰ পিছতে অসুস্থ হোৱাৰ নাটক কৰি ইখনৰ পিছত সিখন চিকিৎসালয়ত ভৰ্তি হৈছিল বৈদ। বৈদৰ কেইবাজনো সহযোগী তথা বন্ধুক ইতিমধ্যে অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। অক্ষয় চান্দ বৈদ অগপ নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ঘণিষ্ঠ হিচাপে পৰিচিত।