হাস্পতালখনৰ সামাজিক দায়বদ্ধতা পালনৰ বাবে বিশেষ কাৰ্য্যসূচী

85

ষ্টাফৰিপোৰ্টাৰ, ২০ এপ্ৰিল : মানৱ জাতিৰ সংকট কঢিয়াই অনা ক’ভিড-১৯ ৰ ব্যাপক সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বতে যি এক আতংকৰ পৰিৱেশ সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ চিকিৎসা সেৱাৰ লগত জড়িত বহুতো দিশত অনাকাংশিত নাটনিৰ উদ্ভৱ হৈছিল। সমসাময়িক ভাৱে প্ৰচাৰ লাভ কৰা পি পি ই কিট তাৰে অন্যতম।এই পি পি ই কিট
ক’ভিড ৰোগীৰ চিকিৎসাৰ লগত জড়িত প্ৰতি গৰাকী চিকিৎসা কৰ্মীক তেনেকুৱা ৰোগীৰ পৰীক্ষা আৰু চিকিৎসাৰ সময়ত ব্যৱহাৰ কৰিব লগা হয়, কিন্তু এই পি পি ই কিটৰ নাটনি আৰু ব্যয়বহুল হোৱাৰ বাবে মহানগৰৰ আগশাৰীৰ ব্যক্তিগত চিকিৎসালয় হায়াট হাস্পাতালে এক প্ৰশংসনীয় পদক্ষেপ হাতত লৈছিল। হায়াট হাস্পতালে নিজাববীয়াকৈ এই পি পি ই কিট ৰ এক বিকল্প পদক্ষেপ হাতত লৈ হেড গীয়েৰ, আই শ্বিল্ড ( Head Gear/ Eye shield), তৈয়াৰ কৰিছিলে আৰু খুব কম সময়ৰ ভিতৰতে হাস্পতালৰ এই প্ৰচেষ্টা বহুলভাৱে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। হাস্পতালখনে সামাজিক দায়বদ্ধতা পালন কৰি এই সামগ্ৰী ২০০ খন সোমবাৰে গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালতৰ অধিক্ষক ডাঃ ৰমেন তালুকদাৰৰ হাতত প্ৰদান কৰে। হায়াট হাস্পতালৰ হৈ চিকিৎসালয় খনৰ মহা প্ৰৱন্ধক পৰাগজ্যোতি দত্ত আৰু অধিক্ষক ডা নাছিমূৰ ৰিয়াজ উপস্থিত থাকে।