হাথৰস কাণ্ডৰ শুনানিত আদালতে ক’লে- নূন্যতম ধৰ্মীয় ৰীতি-নীতিৰে হ’লেও অন্তিম সংস্কাৰ কৰা উচিত আছিল নিৰ্যাতিতাৰ

70

ডিজিটেল ডেস্কঃ হাথৰস কাণ্ডক লৈ স্ব সংজ্ঞান লৈ এলাহাবাদ উচ্চ ন্যালায়লে মঙলবাৰে কয় যে, নিৰ্যাতিতাক নূন্যতম ধৰ্মীয় ৰীতি-নীতিৰে হ’লেও অন্তিম সংস্কাৰ কৰা উচিত আছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে কয় যে নিৰ্যাতিতাৰ চৰিত্ৰ হনন কৰাৰ বাবে কোনেও প্ৰয়াস কৰা উচিত নহয়। ঠিক সেইদৰে এক নিৰপেক্ষ শুনানিৰ পূৰ্বে অভিযুক্তকো দোষী বুলি কোৱা উচিত নহয়।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ হাথৰসত এগৰাকী দলিত সম্প্ৰদায়ৰ যুৱতীক দলবদ্ধ বলাৎকাৰ আৰু হত্যা গোচৰৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰে আদালতে। প্ৰণিধানযোগ্য যে, হাথৰসৰ মণীষা বাল্মিকী নামৰ ১৯ বছৰীয়া যুৱতীগৰাকীক ১৪ ছেপ্তেম্বৰত বলাৎকাৰ কৰি মৃতপ্ৰায় অৱস্থাত পেলাই থৈছিল গৈছিল বলাৎকাৰীয়ে। তাৰ পিছত ২৯ ছেপ্তেম্বৰত যুৱতীগৰকাৰীৰ হাস্পতালত মৃত্যু ঘটে। ইফালে নিৰ্যাতিতাৰ মৃত্যুৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে নিশাৰ ভিতৰতে নিৰ্জন এলেকাত মৃতদেহ সৎকাৰ কৰাক লৈও দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আনহাতে মৃত্যুৰ পূৰ্বে নিৰ্যাতিতাই দি যোৱা ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে ৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।