হাথৰসৰ নিৰ্যাতিতাৰ পৰিয়ালক ভয় ভাবুকি প্ৰদান কৰিছে ডিএম-মুখ্যমন্ত্ৰীয়েঃ ৰাহুল গান্ধী

62

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী নীতিৰে গ্ৰহণ কৰা কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত আছে। পঞ্জাৱত কিষাণ মৰ্চাই ৰে’লপথ অৱৰোধ কৰি অব্যাহত ৰাখিছে প্ৰতিবাদ। তাৰ মাজতে আজি পঞ্জাৱত কংগ্ৰেছে কৃষকৰ সমৰ্থনত ‘খেতি বচাও যাত্ৰা’ৰ আয়োজন কৰে। মোগাত অনুষ্ঠিত এই অনুষ্ঠানত কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধী, পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিং, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি সুনীল জাখাৰ, সাধাৰণ সম্পাদক কেচি বেনুগোপাল, হৰিশ ৰাৱট, নৱজোৎ সিং সিদ্ধুৰ লগতে ভালেকেইজন নেতা উপস্থিত থাকে।

অনুষ্ঠানত অংশ লৈ ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ হাথৰসত নিৰ্যাতিতাৰ পৰিয়ালক ডিএম আৰু মুখ্যমন্ত্ৰীয়ে ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ কৰে। ৰাহুল গান্ধীয়ে কয়, ‘য’ত এগৰাকী জীয়াৰীক হত্যা কৰা হৈছিল, সেই উত্তৰ প্ৰদেশত মই আছিলো। যিয়ে তাইক হত্যা কৰিলে সিহঁতৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কিন্তু যিয়ে নিজৰ কন্যাক হেৰুৱাইছে, তেওঁলোককহে ঘৰৰ ভিতৰত বন্ধ কৰি ৰখা হৈছে। ডিএম আৰু মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ভয়-ভাবুকি প্ৰদান কৰিছে। আজিৰ দেশৰ পৰিস্থিতি এয়াই। অপৰাধীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়, কিন্তু নিৰ্যাতিতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়।’

উল্লেখ্য যে, শনিবাৰে ৰাহুল গান্ধীয়ে প্ৰিয়ংকা গান্ধীৰ সৈতে হাথৰসত উপস্থিত হৈ ২৯ ছেপ্তেম্বৰত গণ ধৰ্ষণৰ বলি হৈ মৃত্যুবৰণ কৰা যুৱতীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰে। তেওঁলোকক ন্যায় প্ৰদানৰ বাবে সৰ্বোপ্ৰকাৰে সহায় কৰাৰো প্ৰতিশ্ৰুতি দিয়ে ৰাহুল গান্ধীয়ে।