হাথৰসৰ নিৰ্যাতিতাৰ পৰিয়ালক সাক্ষাতৰ বাবে যোৱাৰ কথা ৰাহুল প্ৰিয়ংকাৰ, কিন্তু জাৰি হৈ আছে ১৪৪ ধাৰা…

49

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথৰসৰ বৰ্বৰ কাণ্ডই দেশ জোকাৰি গৈছে। ১৯ এগৰাকী এগৰাকী যুৱতীগৰাকীক গণধৰ্ষণ কৰি, জিভা কাটি মৃতপ্ৰায় অৱস্থাত পেলাই থৈ যোৱা আৰু হাস্পতালত নিৰ্যাতিতাগৰাকীৰ মৃত্যুৰ পিছত নিশাৰ অন্ধকাৰতে পৰিয়ালৰ পৰা আতৰাই আৰক্ষীয়ে অন্তিম সংস্কাৰ কৰা কাৰ্যই এতিয়া সমগ্ৰ দেশত ক্ষোভৰ উদগীৰণ ঘটাইছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি যোগী আদিত্যনাথক কঠোৰ সমালোচনা কৰিছে। উল্লেখ্য যে, যোগী ৰাজ্যত হাথৰস কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ এগৰাকী ২২ বৰ্ষীয় যুৱতী আৰু এগৰাকী ১৪ বৰ্ষীয় কিশোৰী বলাৎকাৰৰ বলি হ’বলগা হৈছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে বৃহস্পতিবাৰে হাথৰসত উপস্থিত হৈ নিৰ্যাতিতাৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ কথা আছিল। কিন্তু কোৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ১ ছেপ্তেম্বৰৰ পৰা ৩১ অক্টোবৰলৈ হাথৰসত ১৪৪ ধাৰা জাৰি হৈ আছে। জিলাখনৰ সীমান্ত ছীল কৰি দিয়া হৈছে। এনে পৰিস্থিতিত ৰাহুল আৰু প্ৰিয়ংকাৰ হাথৰসত উপস্থিত হোৱাত তীব্ৰ বাধাৰ সৃষ্টি হ’ব পাৰে।