হাত খৰছৰ ধন নিদিয়াৰ বাবে পিতৃক কঠোৰ ‘শাস্তি’ পুত্ৰৰ। পিতৃৰ মূৰত শিলেৰে খুন্দিয়াই নৃশংসভাৱে হত্যা কৰিলে পুত্ৰই।মধ্যপ্ৰদেশৰ ইন্দোৰত সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।
আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে এই ঘটনা পোহৰলৈ আহে। যদিও কেইবাদিনো পূৰ্বে সংঘটিত হৈছিল এই হত্যাকাণ্ড। ১৫ জুনৰ নিশা ইন্দোৰৰ দেপালপুৰ অঞ্চলৰ এক নিৰ্জন স্থানৰ পৰা পঞ্চাশ বছৰীয়া বাবু চৌধুৰীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। বাবুৰ পুত্ৰৰ নাম সোহান। ১৫ জুনৰ নিশা পুত্ৰ সোহানে বাবুক ২০০০ টকা বিচাৰিছিল। যিটো পিতৃয়ে দিবলৈ অস্বীকাৰ কৰিলে। অভিযোগ অনুসৰি যুৱকজনে খঙতে পিতৃৰ মূৰত এটা গধূৰ শিলেৰে আক্ৰমণ কৰাত থিতাতে মৃত্যু ঘটে বাবু চৌধুৰীৰ।
সেই নিশা স্থানীয় ৰাইজে পথৰ কাষত মৃতদেহটো দেখি আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আহি মৃতদেহটো উদ্ধাৰ কৰে। পুত্ৰ সোহানক লৈ তদন্তকাৰীৰ সন্দেহ। যুৱকজনক জেৰাৰ বাবে মাতি অনা হয়। জেৰাৰ সময়ত পুত্ৰই পিতৃক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।