ষ্টাফৰিপোৰ্টাৰ, ৮ এপ্ৰিল : হাতীগাঁৱৰ উদিয়মান যুৱক নাজিৰ হুছেইন, ৰফিকুল ইছলাম, ৰাহাৰুল ইছলাম আৰু খাইৰুল জামানৰ প্ৰচেষ্টাত সমাজৰ দুখীয়া লোক সকলৰ বাবে লকডাউনৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা হয়। তেওঁলোকৰ নিজাববীয়া প্ৰচেষ্টাত আৰু এটা ৱাটছএপ গ্রুপৰ জৰিয়তে প্রায় ৫০ হাজাৰ টকা সংগ্ৰহ কৰি মঙলবাৰে সিজুবাৰী, নটবমা, চুকাফা নগৰ আদি অঞ্চলত থকা ৪০০ ৰো অধিক দুখীয়া পৰিয়ালৰ মাজত স্থানীয় ৰাইজৰ সহযোগত চাউল, দাইল, আলু, পিয়াজ, মিঠাতেল আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয়। এই কাৰ্যসূচীত “আমাৰ অসম”ৰ জ্যেষ্ঠ সাংবাদিক আলিয়াছ আহমেদ উপস্থিত থাকে। উল্লেখ এই যুৱক কেইজনৰ প্ৰচেষ্টাত উক্ত অঞ্চলসমূহত দুই এদিনৰ ভিতৰতে শাক-পাচলি বিতৰণ কৰা হ’ব।