হাতীগাঁবৰ মাদাৰ অ’ল্ডেজ হোমত খাদ্য সামগ্ৰী বিতৰণ

114

ষ্টাফৰিপোৰ্টাৰ, ৩ এপ্ৰিল : কৰ’না ভাইৰাছৰ বাবে ঘোষিত লক ডাউনৰ প্ৰতি লক্ষ্য ৰাখি হাতীগাঁবস্থিত মাদাৰ অল্ডেজ হোমত হোৱা খাদ্যৰ নাটনি প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে অঞ্চলটোৰ কেইগৰাকীমান উদ্যমী যুৱকে
অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। বিশিষ্ট সমাজকৰ্মী তথা উদ্যমী যুৱক অংকুৰ ৰায় মেধি, অমন জে কটকী, মুন ভূঞা, আৰু আমাৰ অসমৰ জ্যেষ্ঠ সাংবাদিক তথা “হেঁপাহ”ৰ প্ৰচাৰ সম্পাদক আলিয়াছ আহমেদৰ প্ৰচেষ্টাত
বৃদ্ধাবাসত থকা শতাধিক আইতাৰ বাবে চাউল, দাইল, শাক-পাচলি আৰু অন্যান্য সামগ্ৰী বিতৰণ কৰা হয়।
উল্লেখ যুৱক কেইজনৰ এনে প্ৰচেষ্টাক স্থানীয় ৰাইজে শলাগে।