হাটশিঙিমাৰীত দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদ
LIC আৰু SBI ৰ দৰে প্ৰতিষ্ঠানৰ পৰা গৌতম আদানীৰ গ্রুপত কৰা বিপদজনক বিনিয়োগৰ বিৰুদ্ধে এক বৃহত প্ৰতিবাদী কাৰ্যসূচী ।
ষ্টেট বেংকৰ সম্মুখত BJP চৰকাৰ হায় হায় ,দেশৰ সম্পদ বনীয়া গোষ্ঠীক বিক্ৰী কৰা বন্ধ কৰক ,আদানী কাণ্ডৰ তদন্তৰ বাবে JPC গঠন কৰিব লাগিব , আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখ্যনীয় যে SBI ৰ কাৰ্যালয়ৰ পাচত সমান্তৰাল ভাবে প্ৰতিবাদী কংগ্ৰেছী কৰ্মী সকলে হাটশিঙিমাৰী LIC ৰ অফিচত গৈ একেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তলৈ এখন লিখিত অভিযোগ দাখিল কৰে ।