হাজোৰ বুল্লুট কোঁৱৰপুৰ গাওঁৰ এগৰাকী ৬০ বছৰীয়া মহিলা নিৰুদ্দেশ

160

হাজোৰ বুল্লুট কোঁৱৰপুৰ গাওঁৰ এগৰাকী ৬০ বছৰীয়া মহিলা নিৰুদ্দেশ । হাজো আৰক্ষী থানাত এজাহাৰ দাখিল।

কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অধীনস্থ বুল্লুট কোঁৱৰপুৰ গাওঁৰ এগৰাকী মহিলা বিগত দুমাহে নিৰুদ্দেশ হৈ আছে । নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম জিৰাতন বিবি।বয়স ৬০ বছৰ ।প্ৰায় পাঁচ ফুট ওখ।গাৰ বৰণ বগা।
হাজোৰ বুল্লুট কোঁৱৰপুৰ নিবাসী সূৰ্য আলীৰ পত্নী তথা আঠোটাকৈ সন্তানৰ মাতৃ জিৰাতন বিবি(৬০ ) বিগত দুমাহ ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাৰ পিছত অঞ্চলজুৰি তীব্র প্ৰতিক্ৰিয়াই বিৰাজ কৰিছে ।ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ সূত্ৰে জানিব দিয়া অনুসৰি মহিলা গৰাকী মানসিক ভাবে সামান্য অসুস্থ আছিল ।মহিলা গৰাকী পূৰ্বেও কেতিয়াবা ঘৰৰ পৰা ওলাই গৈছিল যদিওঁ পুনৰ ঘৰলৈ ঘূৰি আহিছিল । কিন্তু বিগত দুমাহ পৰ্য্যন্ত নিজ ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক সকল অধিক চিন্তাত পৰিছে ‌। পৰিয়ালৰ লোকে ঘৰৰ আলহী অতিথিৰ উপৰিও বিভিন্ন ঠাইত বিছাৰ কৰিওঁ আজি পৰ্যন্ত কোনো সন্ধান পোৱা নাই মহিলাগৰাকীৰ ‌।সেয়েহে আজি পৰিয়ালৰ লোকে মহিলা গৰাকী নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ‌। তদুপৰি পৰিয়ালৰ লোকে মহিলা গৰাকীৰ কোনো সন্ধান পালে-93664-33902, 9365020417 আৰু 6003747779 ফোন নম্বৰত যোগাযোগ কৰিবলৈ সংবাদ মাধ্যমযোগে অনুৰোধ জনাইছে । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে ।