হাজোৰ গুলি চালনাৰ ঘটনাৰ নতুন মোৰ, শনিয়াদীত মৃতদেহ লৈ হাজো-বৰপেটা পথ অৱৰোধ

92

হাজোৰ গুলি চালনাৰ ঘটনাৰ নতুন মোৰ। শনিয়াদীত মৃতদেহ লৈ হাজো-বৰপেটা পথ অৱৰোধ। চামচূল হকৰ হত্যাৰ ন্যায় বিচাৰি শনিয়াদীৰ ৰাজপথত প্ৰতিবাদী জনতা। দেওবাৰে হাজোৰ বূল্লুট বজাৰত সংঘটিত হৈছিল গুলি চালনাৰ ঘটনা। এই ঘটনাত প্ৰাণ গৈছিল চামচূল আলী নামৰ এজন যুৱকৰ।

অভিযোগ উঠিছে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড। চামচূল  দুৰ্বৃত্ত নহয়,নিৰীহ যুৱক এই দাবী স্থানীয় ৰাইজৰ। ঘণ্টা জুৰি হাজো বৰপেটা পথ অৱৰোধ ।ঘটনাস্থলীত আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল। স্থানীয় ৰাইজৰ অভিযোগ  এই ঘটনাৰ লগত জৰিত গফুৰ,বিল্লাট,চেকান,মজনুৰ,মকবুল ,আমজাদ আলী নামৰ লোক কেইজন। সম্প্ৰতি সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনা অব্যাহত আছে।