হাজোৰ একাদি চ’কত মাছৰ উজান

332

বিগত কেইবাদিন ধৰি অহা মুষলধাৰ বৰষুনে প্লাৱিত কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হাজোৰ ভিন্ন প্ৰান্ত।
প্ৰতি মূহুৰ্ততে সলনি হৈছে বান পৰিস্থিতি।হাজো সমষ্টিৰ অন্তৰ্গত চৌমুখা বজাৰৰ নিকটৱৰ্তী বৰলীয়া নৈৰ মথাউৰি ছিগাৰ ফলত প্লাৱিত হৈছে উত্তৰ।হাজোৰ বিভিন্ন প্ৰান্তত একাঠু পানীত মাছৰ উজান।ৰাইজে জাল,প’লৰে মাছ মৰাত ব্যস্ত।মোনা ভৰাই মাছ মাৰিছে ৰাইজে।ইয়াৰ মাজতে চৰকাৰলৈ আৰ্থিক সাহাৰ্যৰ বাবে আবেদন জনালে এইসকল দুৰ্ভগীয়া লোক।