হাজোত যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

85

হাজোৰ বৰুৱাবাৰীত যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। জানিব পৰা মতে, আজি পুৱা বৰুৱাবাৰীৰ পুঠিমাৰী নৈৰ পাৰৰ জংঘলত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো। তাৰ পিছতে প্ৰত্যক্ষদৰ্শীয়ে হাজো আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ক’লা জিন্স আৰু নীলা টি-চাৰ্ট পৰিহিত যুৱকজনৰ মৃতদেহত আঘাটৰ চিন স্পষ্ট হৈ থকালৈ চাই দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।