হাজাৰটকীয়া মূল্যৰ এখন গামোচা

88

এশ বা দুশ নহয়, হাজাৰটকীয়া মূল্যৰ এখন গামোচা ! গামোচা খনৰ বাবে নিলামত দাম উঠিল বৃহৎ ধনৰাশি । ঠাই বিশেষে প্ৰতিটো সামগ্ৰীৰ মূল্য ভিন্ন হৈ পৰে।যদি এখন গামোচাই ধৰ্মীয় উপসনাস্থলীত স্থান পাই তেতিয়া সেই গামোচাখন হৈ পৰে বহু বিশেষ । যাৰ বাবে গামোচখন নিলাম হৈ মূল্য হয় ২৫ হাজাৰ টকাত । উল্লেখযোগ্য যে নলবাৰীৰ বৰভাগৰ ৰণাকুছিত এখন বিশেষ গামোচাই দৃষ্টি কৰিছে সকলোৰে । গামোচাখন নিলাম কৰিবলৈ মানুহৰ মনত দেখিবলৈ পোৱা গৈছে ব্যাপক উছাহ ।উল্লেখযোগ্য যে বৰভাগৰ ৰণাকুছি বৰগোঁসাই ঘৰৰ বাৰ্ষিক হোম যজ্ঞ অনুষ্ঠান এইবেলি ৮ আৰু ৯ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল ।

দেওবাৰে এই বাৰ্ষিক হোম যজ্ঞ অনুষ্ঠানৰ আছিল দ্বিতীয় দিন ।সামাজিক কাৰ্যসূচী ৰূপায়ণৰ শেষত দিনৰ ভাগত উলিওৱা হয় এক বিশাল ধৰ্মীয় শোভাযাত্ৰা । এই ধৰ্মীয় শোভাযাত্ৰাত বৰগোঁসাই ঘৰৰ মূল সিংহাসনৰ লগতে এখন গামোচা পৰিভ্ৰমণ কৰা হয় ।এই ধৰ্মীয় শোভাযাত্ৰাত পৰিভ্ৰমণ কৰি অহাৰ পিছত বিশেষ গামোচাখনৰ হয় নিলাম প্ৰক্ৰিয়া আৰম্ভ।বিশ্বাস কৰা হয় যে এই গামোচাখন যিয়ে ক্ৰয় কৰিব তেওঁলোকৰ পৰিয়ালৰ মংগলময় হয় বুলি এক প্ৰবাদ আছে ।সেয়েহে দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সোঁত বয় ।জানিব পৰা মতে এই গামোচাখন ২৫ হাজাৰ টকাত নিলাম কৰি যথেষ্ট উৎফুল্লিত নগেন কলিতা নামৰ ব্যক্তিজন ।আৰু সামাজিক মাধ্যমটো এই বিষয়টো যথেষ্ট চৰ্চিত হৈ পৰিছে।