হাগ্ৰামাক কটাক্ষ প্ৰমোদ বড়োৰ, ১২টা সমষ্টিত প্ৰাৰ্থিত্ব দিব ইউপিপিএলে

61

হাগ্ৰামা এতিয়া দাঁত নোহোৱা সিংহ, ভয় কৰিব লগা একো নাই। দাঁত ভাঙিলেও সিংহ সিংহৰ দৰে থাকিব বিচাৰে, দাদাগিৰি কৰিব বিচাৰে। হাগ্ৰামা মহিলাৰীয়েও কৰবাত কৰবাত দাদাগিৰি কৰিব বিচাৰিব যদিও এতিয়া আৰু কাম নহব, কিয়নো হাগ্ৰামা মহিলাৰী এতিয়া দাঁত নোহোৱা সিংহ। এই মন্তব্য প্ৰকাশ কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে।

আজি কোকৰাঝাৰত অনুষ্ঠিত হোৱা এক সংবাদমেলত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে উক্ত মন্তব্য প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰী আৰু মহাজোঁটবন্ধনৰ বিৰুদ্ধে সৰব হৈ পৰে। হাগ্ৰামাৰ যাদুদণ্ড ভাঙি গল, এতিয়া আৰু হাগ্ৰামা মহিলাৰী নেৰ্তৃত্বাধীন বিপিএফৰ পৰা এজনো বিধায়ক জিকি অহাটো বিটিআৰৱাসীয়ে নিবিচাৰে। এতিয়া বিটিআৰৱাসীয়ে শান্তি, নিৰাপত্তা আৰু উন্নয়ন বিচাৰে। বিটিআৰত বসৱাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমউন্নয়ন, সমঅধিকাৰ নিশ্চিত কৰা হব বুলি মন্তব্য কৰি প্ৰমোদ বড়োই যি কংগ্ৰেছ, এআইইউডিএফে হাগ্ৰামা মহিলাৰীৰৰ দূৰ্নীতিৰ কথা কৈছিল সেই কংগ্ৰেছ, এআইইউডিএফে হাগ্ৰামাক লৈ কৰা মহাজোঁটবন্ধনে কোনো প্ৰভাৱ নেপেলায় আৰু তেওঁলোকৰ উদ্দেশ্যেও সফল নহয়।

১৭ বছৰে লুটি পুতি খোৱা হাগ্ৰামা মহিলাৰীয়ে দূৰ্নীতি কৰা দলসমূহৰ সতে লগ লাগিছে বুলি মন্তব্য কৰি সংখ্যালঘু ভোটৰ আশাত মহোজোঁটত চামিল হোৱা বিপিএফে কাহানিও সংখ্যালঘুৰ ভোট নাপাব বুলি দাবী কৰিছে প্ৰমোদ বড়োৱে। পূৰ্বৰ হাগ্ৰামা মহিলাৰী চৰকাৰ দূৰ্নীতিৰ নতুন তথ্য সদৰি কৰি প্ৰমোদ বড়োৱে কয় যে বহু কাম কোনো নিৱিদা অবিহনেই কৰা হৈছিল বুলি ইতিমধ্যে লায়াবিলিটি এচেচমেণ্ট কমিটিয়ে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে আৰু তাৰ আধাৰত দূৰ্নীতি কৰাসকলৰ বিৰুদ্ধে গোচৰ ৰজু কৰা হব বুলি সদৰি কৰিছে প্ৰমোদ বড়োৱে।

মানুহক খাবলৈ, জীয়াই থাকিবলৈ যিখিনিৰ প্ৰয়োজন তাতোকৈ অধিক বিচাৰিলে ভগৱানে বিচাৰ কৰে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে সেয়েহে হয়তো বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেৰ্তৃত্বাধীন বিপিএফে ১৭ খন আসন পোৱাৰ পিছতো চৰকাৰ গঠন কৰিব নোৱাৰিলে। ইপিনে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ বিজেপি আৰু ইউপিপিএলৰ মাজত আলোচনা চলি আছে। বিটিআৰৰ অন্তৰ্গত ১২ টা বিধানসভা সমষ্টিতে ইউপিপিএলে প্ৰাৰ্থী দিয়াৰ লক্ষ্য স্থিৰ কৰি লৈছে বুলিও মন্তব্য কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে।