হাওৰাত বিষাক্ত সুৰা পানৰ ফলত ১০ জনৰ মৃত্যু, চিকিৎসাধীন ২০ জন

196

হাওৰাৰ ঘুছুৰীত ৰহস্যজনকভাৱে মৃত্যু ১০ জন লোকৰ। বিষাক্ত সুৰা সেৱন কৰাৰ ফলত লোক কেইজনৰ মৃত্যু ঘটাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। আনহাতে বিষাক্ত সুৰা সেৱনৰ ফলত অসুস্থ হৈ পৰা আন বহু লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি হ’ব পাৰে বুলিও আশংকা কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আনহাতে সুৰা বিক্ৰেতা প্ৰতাপ কৰ্মকাৰ নামৰ লোকজন পলাতক হৈ থকা বুলি জানিব পৰা গৈছে।

স্থানীয় সূত্ৰৰ মতে, মঙলবাৰে নিশা সেই অঞ্চলৰ কেইবাজনো লোক সুৰাপান কৰি অসুস্থ হৈ পৰে। বহু লোকে সুৰাপান কৰাৰ কিছু সময়ৰ পিছতে বমি আৰম্ভ কৰে। পিছত তেওঁলোকৰ বহুতেই গুৰুতৰভাৱে অসুস্থ হৈ ঘৰতে মৃত্যুবৰণ কৰে। তথ্য লাভ কৰাৰ পিছতে মালিপাঞ্চঘৰা আৰক্ষী থানাৰ বিষয়াসকলে মৃতদেহকেইটা লৈ যায়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, সংকটজনক অৱস্থাত প্ৰায় ২০ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত বিয়পি পৰিছে ব্যাপক উত্তেজনা।

স্থানীয় ৰাইজেও অভিযোগ উত্থাপন কৰিছে যে এই অঞ্চলত ৰে’লপথৰ কাষে কাষে কেইবাটাও দেশীয় সুৰাৰ ষ্টল আছে। অঞ্চলটোৰ কাৰখানাৰ কৰ্মীসকলে প্ৰায়ে এই বিপনীৰ পৰা সুৰাপান কৰে। লগতে অভিযুক্ত সুৰা বিক্ৰেতা প্ৰতাপৰ কাউণ্টাৰৰ পৰা সুৰা ক্ৰয় কৰাৰ পিছত মঙলবাৰে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।