হাই মাদ্ৰাছাত ইয়ামিন আলীৰ প্ৰথম স্থান দখল

99

বৰপেটা জিলাৰ ধকুৱা হাই মাদ্ৰাছাৰ ছাত্ৰ তথা অতি দুখীয়া পৰিয়ালৰ সন্তান ইয়ামিন আলীয়ে শনিবাৰে ঘোষিত হাই মাদ্ৰাছা পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰে। ঘৰুৱা টিউচন অবিহনে তথা জৰাজীৰ্ণ ঘৰত থাকি পঢ়া-শুনা কৰা ইয়ামিন আলীয়ে লাভ কৰা ফলাফলকলৈ অঞ্চলবাসী আনন্দিত হৈ পৰে।গুৱাহাটীৰ বিশেষ ভাৱে সক্ষম কৃষ্ণাভ জ‍্যোতি কলিতাই আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাঁচটা বিষয়ত লেটাৰ মাৰ্ক সহ গণিতত ১০০ শতাংশ নম্বৰ পোৱাৰ লগতে সৰ্বমুঠ ৮৭ শতাংশ লৈ উত্তীৰ্ণ হৈছে কৃষ্ণভ।

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ৰাজ্যৰ সকলো ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অভিনন্দন জনাইছে।