হাইস্কুল-হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ আৰ্হি প্ৰস্তুতৰ বাবে কমিটী গঠন

55

মেট্ৰিক, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ আৰ্হি প্ৰস্তুতৰ বাবে শিক্ষা বিভাগে গঠন কৰা দুখন কমিটীৰ সদস্যৰ নাম আজি ঘোষণা কৰে। উল্লেখ্য যে, পৰীক্ষা বাতিলৰ পিছত কিদৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হব সেই সন্দৰ্ভত আৰ্হি প্ৰস্তুতৰ বাবে গঠন কৰা হৈছে এই কমিটী দুখন।

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফলৰ বাবে এখন কমিটী গঠন কৰাৰ বিপৰীতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলৰ বাবে আনখন কমিটী গঠন কৰা হৈছে। আনহাতে প্ৰতিখন কমিটীতে আছে অধ্যক্ষসহ ৯ গৰাকীকৈ সদস্য।

শিক্ষা বিভাগে সদৰী কৰা মতে, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ বাবে গঠন কৰা কমিটিখনৰ অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ অলোক বুঢ়াগোঁহাইক। আনহাতে কমিটিখনত সদস্য হিচাপে আছে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন, এছ এন দাস, প্ৰসন্ন বৰা, ৰঞ্জিত দাস, হাকিম তৰফদাৰ, চি বি ৰায়, মৃণাল খাউণ্ড আৰু ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি।

ইফালে, উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে গঠন কৰাৰ কমিটিৰ অধ্যক্ষৰ ভাৰ অৰ্পণ কৰা হৈছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাক। এই কমিটীত সদস্য হিচাপে আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ, নিবেদিতা লস্কৰ, ড০ এছ এন বৰ্মন, ড০ এছ বৰকটকী, ইদ্ৰীছ আলী, ৰতন পাল, দীপক চৌধুৰী আৰু অসম উচ্চতৰ মাধ্যমকি শিক্ষা সংসদৰ সচিব।