হাইলাকান্দিত ঘোচ লৈ হাতে-লোতে ধৰা পৰিল SI

109

গুৱাহাটীঃ হাইলাকান্দিত পাঁচ হাজাৰ টকা নগদ ধন উৎকোচ লৈ হাতে লোতে ধৰা পৰিল এজন আৰক্ষী উপ পৰিদৰ্শক।

সুধান্য ভট্টাচাৰ্য বুলি চিনাক্ত কৰা দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনক সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ে (ডিভিএচি) উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে।

হাইলাকান্দি আৰক্ষী থানাৰ ভিতৰত এজন অভিযোগকাৰীৰ পৰা ঘোচ লোৱাৰ অভিযোগৰ ভিত্তিত ডিভিএচি ৰ এটা দলে অভিযান চলাই দুৰ্নীতিগ্ৰস্ত এছআই জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

খবৰ অনুসৰি, তেওঁৰ বিৰুদ্ধে আইপিচিৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু পৰৱৰ্তী তদন্ত চলি আছে।