ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে দ্বিতীয় পৰ্যায়ত যোৱা ২৩ মে’ৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা গুণোৎসৱ কাৰ্যসূচীৰ মৰিগাঁও জিলাতো বৃহস্পতিবাৰে সফলতাৰে সামৰণি পৰে৷ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে সামৰি বিদ্যালয়সমূহৰ গুণগত মান নিৰূপণৰ হেতু আয়োজিত এই গুণোৎসৱটি মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ সৰ্বমুঠ ৮১ খন শিক্ষানুষ্ঠানত সুচাৰুৰূপে অনুষ্ঠিত হয়৷
গুণোৎসৱ উপলক্ষে বিগত চাৰিদিন ধৰি কপিলী শিক্ষাখণ্ডৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক তথা ৰাইজৰ মাজত একপ্ৰকাৰে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। বিদ্যালয়সমূহে গুণোৎসৱৰ মূল্যায়ণত উন্নত ফলাফলৰ আশাৰে যৎপৰোনাস্তি সকলো ধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰে৷ প্ৰথম দিনা কপিলী শিক্ষাখণ্ডৰ বিদ্যালয়সমূহে বিভাগীয় নীতি-নিৰ্দেশনা অনুসৰি স্ব-মূল্যায়ণ সম্পন্ন কৰাৰ পিছত প্ৰত্যেকখন বিদ্যালয় চৰকাৰীভাৱে নিয়োজিত বিশেষ একোগৰাকী পৰিদৰ্শকে পৰিদৰ্শন কৰে৷
কপিলী শিক্ষাখণ্ডত নগাঁও-মৰিগাঁও জিলাৰ ২৭গৰাকীকৈ বহি: মূল্যায়কে বিদ্যালয়সমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত বহিঃ মূল্যায়কসকলে শিক্ষাৰ্থীৰ দ্বাৰা শাৰীৰিক অনুশীলন, মৌন প্ৰাৰ্থনা, মূল প্ৰাৰ্থনা, মহৎলোকৰ বাণী পৰিবেশন, বাতৰিৰ শিৰোনামা পাঠ, বিদ্যালয়ৰ সংকল্প পাঠ, চাফ-চিকুণতা, ৰাষ্ট্ৰীয় সংগীত পৰিবেশন আদি পৰ্যবেক্ষণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি, অসমীয়া আৰু ইংৰাজী বিষয়ৰ পঠন দক্ষতা, শ্ৰেণীকোঠাৰ পাঠদান আদি নিৰীক্ষণ কৰি পৰিদৰ্শকসকলে ইয়াৰ মূল্যায়ণ কৰে৷

তদুপৰি পৰিদৰ্শকসকলে বিদ্যালয়ৰ আন্তঃগাঁথনি, মধ্যাহ্ন ভোজনৰ হিচাপ-নিকাচ তথা বিদ্যালয় সা-সুবিধা আৰু সমস্যাৰাজি নিয়মানুসৰি পৰ্যবেক্ষণ কৰে৷ ইপিনে গুণোৎসৱত কপিলী শিক্ষাখণ্ডৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি হাৰ আছিল ৯৩.৮৩%, যি মৰিগাঁও জিলাৰ আটাইকেইটা শিক্ষাখণ্ডৰ ভিতৰতে সৰ্বাধিক।
একেদৰে বিদ্যালয়সমূহত অভিভাৱক, ৰাইজৰ ব্যাপক অংশগ্ৰহণে চৰকাৰী শিক্ষাৰ প্ৰতি ৰাইজৰ ক্ৰমাৎ আস্থা,বিশ্বাস ঘূৰি অহা ইংগিত বহন কৰিছে।

উল্লেখ্য যে, কপিলী শিক্ষাখণ্ডত গুণোৎসৱ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে বিভাগীয়ভাৱে নিয়োজিত সৰ্বশিক্ষাৰ জিলা গাণনিক বিষয়া দিলীপ মেধি, জিলা আঁচনি সমন্বয়ক বন্দনা দেৱী, জিলা সমল ব্যক্তি মৌচুমী বৰকাকতি, কপিলী মিচন সমন্বয়ক সমৰ বৰুৱা, খণ্ড গাণনিক বিষয়া সৌমিত্ৰ পাল, খণ্ড এম. আই এচ সমন্বয়ক চন্দ্ৰ গোস্বামী, সংযোগকাৰী বিষয়াসকল ক্ৰমে ৰঞ্জনজ্যোতি মহন্ত, প্ৰণৱজ্যোতি নাথ, গিৰিণ বৰকাকতি, পাৰ্থপ্ৰতিম দেৱনাথ, গকুল নাথ, দেবদত্ত দাস, সঞ্জীৱ নাথ, হেমন্ত বৰা, জয়শ্ৰী শইকীয়া, গিৰেণ বৰা, মুনিন শৰ্মা, বলেন নাথ, জোন বৰা, কামিনী দেৱী আদিয়ে বিদ্যালয়সমূহত নিয়াৰিকৈ গুণোৎসৱ সম্পন্ন হোৱাত আগভাগ লয়।
উল্লেখ্য যে, গুণোৎসৱক কেন্দ্ৰ কৰি বিগত সময়ছোৱাত চৰম ব্যস্ততাৰে পাৰ কৰা শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে এতিয়া কোনখন বিদ্যালয়ে কি গ্ৰেড লাভ কৰে তাৰ বাবে উৎকণ্ঠাৰে বাট চাই ৰৈছে৷