‘মোডী উপাধি’ গোচৰত তেওঁ ডাঙৰ সকাহ পালে। উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শাস্তি। ফলত তেওঁ পুনৰ সাংসদ পদটো পুনৰ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ লগতে ২৪ সংখ্যক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁৰ বাবে কোনো বাধা নাই এতিয়া। ৰাহুলে সকাহ পোৱাৰ লগে লগে আৰজেডিৰ মুৰব্বী বিষয়া লালু প্ৰসাদ যাদৱৰ সৈতে সাক্ষাৎ কৰে। লালুৱে নিজৰ হাতেৰে ৰাহুলৰ ছাগলীৰ মাংস ৰান্ধি খুৱায়।
শুকুৰবাৰে নিশা ৰাহুলে লালু প্ৰসাদৰ কন্যা মিছা ভাৰতীৰ দিল্লীৰ ঘৰত উপস্থিত হয়। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ আৰু কংগ্ৰেছ নেতা কে চি ভেনুগোপাল উপস্থিত থাকে। লালুৰ মুখত ৰাহুলৰ ‘ৰয়েল কামবেক’ বহল হাঁহি। তেওঁ কংগ্ৰেছ নেতাগৰাকীক ফুলৰ থোপা দি আদৰণি জনায়।
জনা যায় যে তেওঁলোকে ৰাজনীতিৰ বাহিৰেও আন আন বিষয়ৰ ওপৰত আলোচনা কৰিছে। ৰাহুলে লালু প্ৰসাদৰ স্বাস্থ্যৰ বিষয়ে খা খবৰ লয়। উল্লেখযোগ্য যে বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে যোৱা জুন মাহত বিৰোধী মিত্রজোঁটৰ বৈঠকত ৰাহুলক ধেমেলীয়াকৈ বিয়া পাতিবলৈ পৰামৰ্শ দিছিল৷ এইবাৰো লালুক লগ পোৱাৰ সময়ত ৰাহুলৰ মুখত বহল হাঁহি। ২৪ৰ পূৰ্বে তেওঁৰ ‘প্ৰত্যাৱৰ্তন’ত বিৰোধী মিত্ৰতা অধিক শক্তিশালী হোৱা বুলি দাবী কৰিছে বিৰোধী নেতাসকলে।
প্ৰসংগক্ৰমে ২০১৯ চনৰ ১৩ এপ্ৰিলত কৰ্ণাটকৰ কোলাৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ৰাহুলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক খন্দা কৰি কয় যে, “মোডী দেশৰ ডাঙৰ চোৰৰ নাম হোৱাটো দুৰ্ভাগ্যজনক।” এই ঘটনাত তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়। সেই গোচৰত উচ্চতম ন্যায়ালয়ে ৰাহুলৰ শাস্তি স্থগিত ৰাখিছিল।