সৰ্থেবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জা সহ তিনিজনক আটক

89

সৰ্থেবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জা সহ তিনিজনক আটক ৷

বৰপেটা জিলাৰ সৰ্থেবাৰীৰ আৰক্ষীৰ থানাৰ আৰক্ষীয়ে আজি সন্ধিয়া বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

এক গোপন সূত্ৰৰ পম খেদি সৰ্থেবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বেঙাপাৰাত বৃহৎ পৰিমাণৰ গাঞ্জা সহ তিনিজন লোকক আটক কৰে ৷

আৰক্ষীয়ে আটক কৰা লোক কেইগৰাকী হ’ল, ৰঙিয়া দ্বাৰকুছিৰ ইমতাজ খানৰ পুত্ৰ নিজামত খান (৩৭) , সৰ্থেবাৰী আৰক্ষী থানাৰ অধীনৰ বেলবাৰী গাঁৱৰ হীৰকজ্যোতি ডেকা (২১) আৰু বেঙাপাৰা গাঁৱৰ ৰাজীৱ বৰ্মন বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷

উল্লেখ্য, যে সৰ্থেবাৰী থানাৰ অন্তৰ্গত বেঙাপাৰা গাঁৱৰ ভবেন বৰ্মন নামৰ এগৰাকী লোকৰ ঘৰত মজুত কৰি ৰখা প্ৰায় ৪৩ কেজি গাঞ্জা আজি সন্ধিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
বৃহৎ পৰিমাণৰ গাঞ্জা খিনি নিজামত খানে বিক্ৰী কৰিবলৈ ভবেন বৰ্মনৰ ওচৰলৈ আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
ইফালে, ঘটনাস্হলীত সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড: পৱন কুমাৰ উপাধ্যায় উপস্হিত হৈ যাৱতীয় কাম-কাজ সমূহ তদাৰক কৰে ৷