সৰ্থেবাৰীত দুই লক্ষাধিক টকাৰ গাঞ্জা জব্দ, এজনক আটক

66

বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। অবৈধ  গাঞ্জা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই সফলতা লাভ কৰিছে সৰ্থেবাৰী আৰক্ষীয়ে । অভিযান কালত দুই লক্ষাধিক টকাৰ গাঞ্জা জব্দ কৰাৰ লগতে এজন গাঞ্জা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে  সৰ্থেবাৰী আৰক্ষীয়ে । ধৃত গাঞ্জা ব্যৱসায়ীটো সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত সত্ৰপাকাৰ ধনৰাজ বড়ো(২৬) বুলি জানিব পৰা গৈছে । সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গোপন খবৰৰ ভিত্তিত ধনৰাজ বড়োত ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়। ধনৰাজ বড়োৱে লকডাউনৰ সময়ৰ পৰাই অবৈধ গাঞ্জাৰ ব্যৱসায় চলাই  থকাৰ অভিযোগ উত্থাপিত হৈছে। সৰ্থেবাৰী আৰক্ষীৰ এনে বৃহৎ সফলতাক সচেতন মহলে প্ৰশংসা কৰিছে ।